গৰুৰ বিষয়ে ৰচনা.... গৰু এবিধ

  • Pranabjyoti Das
গৰুৰ বিষয়ে ৰচনা....

 গৰু এবিধ ডাঙৰ জন্তু৷ ইয়াক চাৰিঠেঙীয়া জন্তু বোলে ৷ সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে৷ আগৰদুখন আগ ঠেং, পাছৰ দুখন পাছ ঠেং৷ ইয়াৰ দুটা চকু, দুখন কাণ, দুটা ফুটাথকা এটা নাক আৰু এডাল নেজ৷ ইয়াৰ নেজডাল বৰ দীঘল আৰু ধুনীয়া,মাইকী মানুহৰ বেণীডালৰ নিচিনা৷ মতা আৰু মাইকী দুয়োবিধ গৰুৰে নেজ থাকে৷ মাইকীগৰুৰ নেজ বিলাকত চুলি বেছি থাকে৷ ই ঘৰচীয়া যদিও ই ঘৰত নাথাকে, গোহালিতহে থাকে৷ কিছুমান গৰুৰ শিং থাকে, কিছুমানৰ নাথাকে, কাৰণ সিহঁতে লাও খায়৷ সেইবাবে সিহঁতক লাওখোৱা গৰু বুলিও কয়৷ জাতিলাও,ৰঙালাও,পানীলাও আদি বহুতো প্ৰকাৰৰ লাওখোৱা গৰু আছে৷ সাধাৰণতে গৰুৱে ঘাঁহ খায়৷ নহলে যি পায় তাকে খায়৷ বিহাৰী গৰুৱে চাধাও খায়৷ আজিকালি গৰুৱে প্লাষ্টিকৰ পেকেটো খায়৷ সেইবিলাক গৰুৰ গাখীৰ প্লাষ্টিকৰ পেকেটত ওলায়৷ যেনে: পূৰবী, আমূল, সৰস ইত্যাদি৷ সেইবিলাক দোকানতো পোৱা যায়৷ নেমুটেঙা বেছিকৈ খোৱা গৰুৰ গাখীৰ ফাটে৷ কিছুমান গৰুৱে দৈ গাখীৰ দিয়ে, কিছুমানে ক্ৰিম দিয়ে আৰু বেছি ঠাণ্ডা ঠাইৰ গৰুৱে মাখন দিয়ে৷ মৰুভূমি আদি অতি শুকান ঠাইৰ গৰুৱে পাউডাৰ গাখীৰ দিয়ে৷ গৰুয়ে হাঁহিলে বৰ ধুনীয়া দেখি কাৰণ ইয়াৰ দাঁত এপাৰি৷ গৰুৱে সকলোকাম শ্লোমোচনত কৰে৷ এবাৰত ঘাঁহ চোবাবই নোৱাৰে৷ এবাৰ খোৱাৰ পাছত আকৌ বমি কৰি সেইবিলাক পাছত দুঘন্টামান চোবাই চোবাই থাকে৷তাকে পাগুলা বুলি কয়৷ কাম নাথাকিলে গৰুৱে তেনেকৈ টাইম পাছ কৰে৷ মানুহেও গৰুৰ নিচিনাকৈ টাইম পাছ কৰিবলৈ চুইংগাম আবিষ্কাৰ কৰিছে৷ যেনে: হেপিডেন্ট, চেন্টাৰ ফ্ৰেচ, বাবুল গাম ইত্যাদি৷ বাবুল গামত ডাবুল টাইম পাছ হয়৷ কিছুমান গৰু ৰাস্তাত থিয় দি থাকে৷ সিহঁতক স্পিড ব্ৰেকাৰ গৰু বোলা হয়৷ সিহঁত মানুহৰ নিচিনাই৷ হৰ্ণ শুনিলেও ৰাস্তা এৰি নিদিয়ে৷ যেন ৰাস্তাটো সিহঁতৰ শহুৰেকৰহে৷শাক-পাচলিৰ বজাৰত ঘূৰি ফুৰা গৰু বিলাকে দোকানে-দোকানে চান্দা উঠাই ফুৰে কাৰণে সিহঁতক চিণ্ডিকেট গৰু বোলা হয়৷ গৰু বৰ উপকাৰী৷ কেতিয়াবাহে খং উঠিলে খোঁচে৷ গৰুৱে হাল বাব জানে, গৰুগাড়ী চলাবও জানে৷ আৰু বহুত কাম কৰিব জানে৷ গৰুৱে হাগিলে যি পদাৰ্থ ওলায়, তাকে গোৱৰ বোলে৷ ই দেখাত সেউজীয়া ৰঙৰ৷ খুব পনীয়া গোবৰ ওলালে চেৰেলিউৱা বুলি কোৱা হয়৷ আন্ধাৰত গোৱৰ গচকিলে বৰ খং উঠে৷ (সংগ্ৰহিত)

গৰুৰ বিষয়ে ৰচনা.... গৰু এবিধ ডাঙৰ জন্তু৷ ইয়াক চাৰিঠেঙীয়া জন্তু বোলে ৷ সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে৷ আগৰদুখন আগ ঠেং, পাছৰ দুখন পাছ ঠেং৷ ইয়াৰ দুটা চকু, দুখন কাণ, দুটা ফুটাথকা এটা নাক আৰু এডাল নেজ৷ ইয়াৰ নেজডাল বৰ দীঘল আৰু ধুনীয়া,মাইকী মানুহৰ বেণীডালৰ নিচিনা৷ মতা আৰু মাইকী দুয়োবিধ গৰুৰে নেজ থাকে৷ মাইকীগৰুৰ নেজ বিলাকত চুলি বেছি থাকে৷ ই ঘৰচীয়া যদিও ই ঘৰত নাথাকে, গোহালিতহে থাকে৷ কিছুমান গৰুৰ শিং থাকে, কিছুমানৰ নাথাকে, কাৰণ সিহঁতে লাও খায়৷ সেইবাবে সিহঁতক লাওখোৱা গৰু বুলিও কয়৷ জাতিলাও,ৰঙালাও,পানীলাও আদি বহুতো প্ৰকাৰৰ লাওখোৱা গৰু আছে৷ সাধাৰণতে গৰুৱে ঘাঁহ খায়৷ নহলে যি পায় তাকে খায়৷ বিহাৰী গৰুৱে চাধাও খায়৷ আজিকালি গৰুৱে প্লাষ্টিকৰ পেকেটো খায়৷ সেইবিলাক গৰুৰ গাখীৰ প্লাষ্টিকৰ পেকেটত ওলায়৷ যেনে: পূৰবী, আমূল, সৰস ইত্যাদি৷ সেইবিলাক দোকানতো পোৱা যায়৷ নেমুটেঙা বেছিকৈ খোৱা গৰুৰ গাখীৰ ফাটে৷ কিছুমান গৰুৱে দৈ গাখীৰ দিয়ে, কিছুমানে ক্ৰিম দিয়ে আৰু বেছি ঠাণ্ডা ঠাইৰ গৰুৱে মাখন দিয়ে৷ মৰুভূমি আদি অতি শুকান ঠাইৰ গৰুৱে পাউডাৰ গাখীৰ দিয়ে৷ গৰুয়ে হাঁহিলে বৰ ধুনীয়া দেখি কাৰণ ইয়াৰ দাঁত এপাৰি৷ গৰুৱে সকলোকাম শ্লোমোচনত কৰে৷ এবাৰত ঘাঁহ চোবাবই নোৱাৰে৷ এবাৰ খোৱাৰ পাছত আকৌ বমি কৰি সেইবিলাক পাছত দুঘন্টামান চোবাই চোবাই থাকে৷তাকে পাগুলা বুলি কয়৷ কাম নাথাকিলে গৰুৱে তেনেকৈ টাইম পাছ কৰে৷ মানুহেও গৰুৰ নিচিনাকৈ টাইম পাছ কৰিবলৈ চুইংগাম আবিষ্কাৰ কৰিছে৷ যেনে: হেপিডেন্ট, চেন্টাৰ ফ্ৰেচ, বাবুল গাম ইত্যাদি৷ বাবুল গামত ডাবুল টাইম পাছ হয়৷ কিছুমান গৰু ৰাস্তাত থিয় দি থাকে৷ সিহঁতক স্পিড ব্ৰেকাৰ গৰু বোলা হয়৷ সিহঁত মানুহৰ নিচিনাই৷ হৰ্ণ শুনিলেও ৰাস্তা এৰি নিদিয়ে৷ যেন ৰাস্তাটো সিহঁতৰ শহুৰেকৰহে৷শাক-পাচলিৰ বজাৰত ঘূৰি ফুৰা গৰু বিলাকে দোকানে-দোকানে চান্দা উঠাই ফুৰে কাৰণে সিহঁতক চিণ্ডিকেট গৰু বোলা হয়৷ গৰু বৰ উপকাৰী৷ কেতিয়াবাহে খং উঠিলে খোঁচে৷ গৰুৱে হাল বাব জানে, গৰুগাড়ী চলাবও জানে৷ আৰু বহুত কাম কৰিব জানে৷ গৰুৱে হাগিলে যি পদাৰ্থ ওলায়, তাকে গোৱৰ বোলে৷ ই দেখাত সেউজীয়া ৰঙৰ৷ খুব পনীয়া গোবৰ ওলালে চেৰেলিউৱা বুলি কোৱা হয়৷ আন্ধাৰত গোৱৰ গচকিলে বৰ খং উঠে৷ (সংগ্ৰহিত)

To be informed of the latest articles, subscribe:
Personnaly © 2014 -  Hosted by Overblog